World Environment Day 2026
কুইজ প্ৰতিযোগিতা সামৰণি
গুৱাহাটী, ৬ জুন , সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘গতি অসম আৰু প্ৰকৃতি সংগঠন ‘আৰণ্যকৰ যুটীয়া উদ্যোগত ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়৷ নুনমাটি পৰাগ কুমাৰ দাস পথত থকা ‘গতি ৰাজ্যিক শিশু পুথিভঁৰাল’ত অনুষ্ঠিত ‘বিশ্ব পৰিৱেশ দিৱস’ উপলক্ষে এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভমিতে অসমৰ এদগৰাকী বিশিষ্ট চিত্ৰশিল্পী হেমাংগিনী বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে শিল্পীগৰাকীৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্বলন কৰে লেখিকা ড॰ মামণি বৰঠাকুৰে৷ তাৰ পিছতে কুইজ পৰিচালক আব্দুল ৰছিদ চৌধুৰীৰ পৰিচালনাত আৰম্ভ হয় কুইজ প্ৰতিযোগিতা৷ গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ পৰা বহুকেইটা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিাত প্ৰথম স্থান লাভ কৰে প্ৰিয়াংশু প্ৰীতিশ শৰ্মা আৰু ত্ৰিনাভ কাশ্যপে৷ দ্বিতীয় স্থান লাভ কৰে ধান্যতা তামূলী আৰু দোকমোকালি গোস্বামীয়ে৷ তৃতীয় স্থান লাভ কৰে পিনাক মিশ্ৰ আৰু তন্ময় ৰায় চৌধুৰীয়ে৷ ‘গতি অসম’ৰ সম্পাদক অনুভৱ পৰাশৰে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত আৰণ্যকৰ হৈ প্ৰণৱ গোস্বামীয়ে বিশ্ব পৰিৱেশ দিৱস আৰু প্ৰকৃতি সুৰক্ষাৰ প্ৰতি আমি কেনেদৰে সজাগ হোৱা উচিত সেই বিষয়ে কিছু বক্তব্য দাঙি ধৰে৷ অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ অৱসৰী বিষয়া তথা সমাজকৰ্মী বিপুল দেৱ শৰ্মাই পুৰস্কাৰ বিজেতা সকলক বঁটা প্ৰদান কৰে৷ কুইজ পৰিচালনাত সহযোগ কৰে ইনা লস্কৰ আৰু কল্পনা বৰুৱাই৷


