হিয়াৰ ৰামধেনু শিশু সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
হিয়াৰ ৰামধেনু শিশু সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
গুৱাহাটী, 9 জুন – শিশু আলোচনী ‘হিয়াৰ ৰামধেনু’ৰ উদ্যোগত আয়োজিত শিশু সাহিত্যৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে৷ শিশু গল্প, কবিতা, উপন্যাস, জীৱনী আদি কে’বাটাও শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত জীৱনী শিতানত জাগীৰোডৰ তুমণি গোস্বামীয়ে ‘সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ’ পাণ্ডুলিপি বাবে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে ‘গল্প’ শিতানত শিৱসাগৰ ডিমৌৰ দিতিমণি দত্তই ‘বিদায় বেলাৰ উপহাৰ’ পাণ্ডুলিপিৰ বাবে, উপন্যাস শিতানত তিলোত্তমা মহন্ত গোস্বামীয়ে ‘ছবি নামৰ গ্ৰন্থখনৰ বাবে আৰু ‘কবিতা শিতানত গুৱাহাটীৰ কুমুদ চন্দ্ৰ মেধিৰ ‘ঢকুৱাৰ গাড়ী’ গ্ৰন্থখনে বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমৰ তিনিগৰাকী বিশিষ্ট শিশু সাহিত্যিক জুৰী সদস্য হিচাপে থকা এই প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক আগষ্ট মাহত গুৱাহাটীত বঁটা সমূহ প্ৰদান কৰা হ’ব বুলি জানিব পৰা হৈছে৷

