‘গতি অসম’ৰ কেইটামান উল্লেখযোগ্য কাৰ্যসূচীঃ

Spread the love

১. গীতিকাৰ ফজলুল কৰিমৰ স্মৃতিত ৰবীন্দ্ৰ ভৱনত বিশেষ সংগীতৰ অনুষ্ঠান
২. ড০ ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণি শিশু নাট সমাৰোহ, ৰবীন্দ্ৰ ভৱন
৩. মহেন্দ্ৰ বৰঠাকুৰ সোঁৱৰণি শিশু নাট সমাৰোহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
৪. অৰুণ শৰ্মা সোঁৱৰণি শিশু নাট সমাৰোহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ (তিনিবাৰ)
৫. গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা (এতিয়ালৈকে সাতবাৰকৈ অনুষ্ঠিত কৰা হৈছে)
এবাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিকল্পনা বিভাগ আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত এই কৰ্মশালা অনুুষ্ঠিত কৰা হৈছে৷
৬. অসমৰ বিভিন্ন ঠাইৰ প্ৰতিভাৱান শিশুসকলক উলিয়াই আনিবৰ বাবে এতিয়ালৈকে নবাৰকৈ ৰাজ্যিক শিশু সমাৰোহ অনুুষ্ঠিত কৰা হৈছে৷
৭. হেমাংগিনী বৰদলৈ সোঁৱৰণি ৰাজ্যিক ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা৷ (বিগত ১৫ বছৰ ধৰি নিয়মীয়াকৈ অসমৰ সকলো মুঠতে ৮০ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছে৷)
৮. ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ শিশু চিত্ৰশিল্পীসকলক এখন মঞ্চ দিয়াৰ বাবে ‘অন্বেষণ’ শীৰ্ষক চিত্ৰ প্ৰদৰ্শনী পাঁচবাৰকৈ অনুষ্ঠিত কৰা হৈছে৷ আনহাতে নীৰৱে শিল্প সাধনা কৰা যুৱ আৰু জ্যেষ্ঠ শিল্পসকলৰ চিত্ৰৰে ‘সৃষ্টি’ শীৰ্ষক এখনি চিত্ৰ প্ৰদৰ্শনী পাঁচবাৰকৈ অনুষ্ঠিত কৰা হৈছে৷
৯. বঙাইগাঁও, নগাঁও, বোকাখাত, মৰিগাঁও, মঙলদৈ, নামৰূপ, গোলাঘাট আদিত শিশুৰ চিত্ৰ কৰ্মশালা আৰু নাট কৰ্মশালা আয়োজন কৰা হৈছে৷ তদুপৰি অসমৰ বিভিন্ন ঠাইত কে’বাবাৰো শিশু সাহিত্য কৰ্মশালা অনুষ্ঠিত কৰি অহা হৈছে৷
১০. ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয় তথা অসম বিজ্ঞান আৰু পৰিৱেশ পৰিষদৰ সহযোগত বিজ্ঞান দিৱস উদযাপন কৰা হৈছে৷
১১. মাতৃভাষা শিক্ষাত সাধুকথাৰ গুৰুত্ব অনুভৱ কৰি ‘গতি অসম’ৰ উদ্যোগত তথা শিশু আলোচনী ‘হিয়াৰ ৰামধেনু’ৰ সহযোগত আয়োজন কৰা হৈছে সাধু কথা দিৱস৷ তদুপৰি শিশুসকলৰ মাজত সাধুকোৱা কৰ্মশালা আদি অনুষ্ঠিত কৰা হৈছে৷ এই সাধু কথা দিৱস– গুৱাহাটী, বৰপেটা, উত্তৰ গুৱাহাটী, মঙলদৈ আদিত অনুষ্ঠিত কৰা হৈছে৷
১২. গ্ৰন্থৰ অধ্যয়নৰ বাবে শিশুসকলৰ মাজত বিশেষ পৰিৱেশ সৃষ্টিৰ বাবে অসমৰ বিভিন্ন বিদ্যালয়ত ‘বিদ্যালয় গ্ৰন্থমেলা’ অনুষ্ঠিত কৰা হৈছে৷ ধেমাজি, লখিমপুৰ, দৰং, নগাঁও, মৰিগাঁও, কামৰূপ, বিশ্বনাথ, তিনিচুকীয়া, ডিব্ৰুগড়, ওদালগুৰি আদি জিলাৰ বিভিন্ন বিদ্যালয়ত ‘বিদ্যালয় গ্ৰন্থমেলা’ অনুষ্ঠিত কৰা হৈছে৷ তদুপৰি মঙলদৈৰ দুনীত দুবাৰ ‘গ্ৰাম্য গ্ৰন্থমেলা’ অনুষ্ঠিত কৰা হৈছে৷ আনহাতে জীৱনী গ্ৰন্থসমূহক লৈ ‘জীৱনী গ্ৰন্থমেলা’ও অনুষ্ঠিত কৰা হৈছে৷
১৩. ‘গতি অসম’ৰ উদ্যোগত ২০২১ চনত নুনমাটিৰ পৰাগ কুমাৰ দাস পথত আৰম্ভ কৰা হৈছে ‘গতি ৰাজ্যিক শিশু পুথিভঁৰাল’৷ অসমীয়া শিশু সাহিত্যৰ দিশটোলৈ অৱদান আগবঢ়োৱা আৰু পুথিভঁৰালৰ পৰিৱেশ পুনৰ ঘূৰাই অনাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ এই পুথিভঁৰালত কে’বা হাজাৰো শিশু গ্ৰন্থ উপলব্ধ আছে৷
১৪. ‘গতি অসম’ৰ উদ্যোগত বহুকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰা হৈছে ৷ বিশ্ব নাগৰিক ভূপেন হাজৰিকা, ‘অৰুণ শৰ্মাঃ জীৱন আৰু সাহিত্য’, ‘শিল্পী নুৰুদ্দিন আহমেদ’ আদি বিশেষভাৱে উল্লেখযোগ্য৷
১৫. অসম বৰেণ্য ব্যক্তিসকলক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ মানসেৰেঅ২০২২ চনত ১০০ গৰাকী, ২০২৩ চনত ১০১ গৰাকী ‘অসম বৰেণ্য’ আৰু ২০ গৰাকী ‘ভাৰত বৰেণ্য’ৰ মুঠতে ২২০ গৰাকী মহান ব্যক্তিৰ জীৱনী গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ‘অসম বৰেণ্য’ একত্ৰ সংকলন (তিনিটা খণ্ডত মুঠতে ৩৮০ গৰাকী অসমৰ ব্যক্তিত্ব, তৃতীয় খণ্ড কেৱল মহিলা বিশেষ) প্ৰকাশ কৰা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *