শিশু আলোচনী ‘হিয়াৰ ৰামধেনু’
‘গতি অসম’ৰ সহযোগত শিশু আলোচনী ‘হিয়াৰ ৰামধেনু’ প্ৰকাশ কৰি অহা হৈছে ২০১১ চনৰ জানুৱাৰীৰ পৰা৷ প্ৰথম বছৰ [২০১১ বৰ্ষ] মাহেকীয়া হিচাপে প্ৰকাশ পোৱা হিয়াৰ ৰামধেনু ২০১১ চনৰ পৰা তিনিমহীয়া আলোচনী হিচাপে প্ৰকাশ কৰি অহা হৈছে৷ বৰ্তমান ষষ্ঠদশ বছৰত ভৰি দিয়া আলোচনী নিয়মীয়াকৈ প্ৰকাশ কৰি শিশুসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত অৰিহনা যোগাই আহিছে৷ ‘হিয়াৰ ৰামধেনু’ৰ মুখ্য সম্পাদক হিচাপে বিশিষ্ট শিশু সাহিত্যিক প্ৰভাত গোস্বামী, বন্দিতা ফুকন আদিয়ে কাৰ্যনিৰ্বাহ কৰি অহাৰ পিছত বৰ্তমান মুখ্য সম্পাদকৰ দায়িত্বত আছে বিশিষ্ট লেখক অভিজিত শৰ্মা বৰুৱা৷
আনহাতে ‘হিয়াৰ ৰামধেনু’ৰ সম্পাদক তথা মুখ্য পৰিচালক আৰু প্ৰকাশক হৈছে লেখক, সাংবাদিক অনুভৱ পৰাশৰ৷


